গোলাঘাটঃ সদ্য়সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ঘৃণিতভাৱে ৰাজনৈতিক বোকা ছটিওৱা দুই মিত্ৰ দল অসম গণ পৰিষদ আৰু বি জে পিৰ মাজৰ মিত্ৰতা ভংগ হোৱাৰ দিশত আগ বাঢ়িছে।
সোমবাৰে অ গ পৰ সভাপতি অতুল বৰাই গোলাঘাটত এক সংবাদমেলত প্ৰকাশ কৰে যে দলটোৰ প্ৰতিবাদ স্বত্ত্বেও বি জে পিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন কৰিলে আৰু ইয়াক গৃহীত কৰাৰ চেষ্টা কৰি আছে। সেয়ে অ গ পই বি জে পিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ দলৰ স্থিতি স্পষ্ট কৰি এক পত্ৰ প্ৰেৰণ কৰিছে।