ডিজিটেল ডেস্কঃ স্বৰ্ণ পুৱা। অষ্ট্ৰেলিয়াৰ গল্ড কোষ্টত চলি থকা ২১ তম কমনৱেলথ গেমছত ভাৰতে নৱম দিনৰ পুৱাই স্বৰ্ণ লাভেৰে স্বৰ্ণ পুৱাৰে আৰম্ভণি কৰে।শ্বুটিঙত পুৰুষ মহিলাই দুটাকৈ সোণৰ পদক লাভ কৰাৰ লগতে এটা ৰূপৰ পদক লাভ কৰে ভাৰতে। 

মহিলা শ্বুটাৰ তেজশ্বিনী চাৱন্তে সোণৰ মেডেল, অঞ্জুম ম’ৰ্দগিলে ৰূপৰ পদক লাভ কৰাৰ লগতে ১৬ বছৰীয়া শ্বুটাৰ অনিচ ভানৱালাই পুৰুষ শাখাত লাভ কৰে সোণৰ মেডেল। ভাৰতৰ শ্বুটাৰ সকলে উৎকৃষ্ট প্ৰদৰ্শন কৰে কমনৱেলথ গেমছত৷ 

কমনৱেলথ গেমছৰ নৱম দিনটোৰ পুৱাই স্বৰ্ণ পদক লাভ কৰিলে ভাৰতে। নৱম দিনটোৰ পুৱাই সুন্দৰ আৰম্ভণি কৰি মহিলা শ্বুটাৰ তেজশ্বিনী চাৱন্তে আজুৰি আনিলে সোণৰ মেডেল। শ্বুটিঙত ৫০ মিটাৰৰ শাখাত তেজশ্বিনীয়ে স্বৰ্ণ পদক লাভ কৰাৰ লগতে ভাৰতৰ আন এগৰাকী শ্বুটাৰ অঞ্জুম ম’ৰ্দগিলে ৰূপৰ পদক লাভ কৰিছে।

পুৱাই দ্বিতীয়তে স্বৰ্ণ পদক আজুৰি আনে ১৬ বছৰীয়া শ্বুটাৰ অনিচ ভানৱালাই। ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাত সোণৰ পদক লাভ কৰে ভানৱালাই।

অষ্টম দিনত তেজশ্বিনীয়ে প্ৰণ শাখাত ৫০ মিটাৰত ৰূপ পদক লাভ কৰিছিল। ৰাইফল পজিচন-৩ বৰ্গত নতুন ৰেকৰ্ড গঢ়ি স্বৰ্ণ লাভ কৰে৷ একেটা বৰ্গতে অঞ্জুম ম’ৰ্দগিলে ৰূপৰ পদক লাভ কৰে৷ ইয়াৰ লগে লগে ভাৰতলৈ মুঠ পদক আহিল ৩৪টা৷ ১৬ স্বৰ্ণ, ৮ ৰূপ আৰু ১০ ব্ৰঞ্জ লাভ কৰি ভাৰত তৃতীয় স্থানত আছে৷