মুম্বাইঃ লকডাউন খোলাৰ পিছতে বৃদ্ধি পাব পাৰে সোণৰ দাম। বজাৰ বিশেষজ্ঞসকলে চলিত বিত্তীয় বৰ্ষৰ শেষৰ ফালে দেশত সোণৰ দাম আকাশলংঘী হৈ পৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে। একাংশ বজাৰ বিশেষজ্ঞৰ মতে লকডাউন খোলাৰ কেইদিনমানৰ পিছতে ১০ গ্ৰাম সোণৰ দাম হ’ব পাৰে ৫০ হাজাৰ টকা।
বাণিজ্য ঘাটি নিয়ন্ত্ৰণৰ বাবে দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰৰ ক্ষমতালৈ অহাৰ পিছতে স্বৰ্ণ আমদানিৰ ওপৰত চাপ বৃদ্ধি কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। ইয়াৰ লগতে ধাতুবিধৰ ওপৰত আৰোপ কৰা হৈছে অধিক পৰিমাণৰ শুল্ক আৰু কৰ। ইয়াৰ ফলত চৰকাৰ লাভান্বিত হৈছে যদিও মধ্যবিত্তৰ বাবে দুৰ্লভ হৈ পৰিছে সোণ।