ডিজিটেল ডেস্কঃ সম্পূৰ্ণ তিনি বছৰৰ মুৰত কুস্তিৰ পথাৰত উভতিয়ে সোণ আজুৰিলে সুশীল কুমাৰে৷ মাত্ৰ ২ মিনিট ৩৩ ছেকেণ্ড যুঁজদিয়েই শুকুৰবাৰে সোণ জিকিলে দুইবাৰৰ অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰ।
ইন্দোৰত অনুষ্ঠিত হোৱা জাতীয় মল্ল যুঁজ ছেম্পিয়নশ্বিপত ৭৪ কেজি ফ্রি-ষ্টাইল শাখাত সুশীল কুমাৰৰ তিনি প্ৰতিপক্ষ খেলুৱৈক ৱাক অভাৰ কৰে, যাৰ বাবে কোৱাৰ্টাৰ ফাইনেল, চেমিফাইনেল আৰু ফাইনেলত তিনি ৱাক অভাৰ লাভ কৰাত, প্রাৰম্ভিক ৰাউণ্ডতে দুখন মাত্ৰ খেল খেলি সোণৰ পদক লাভ কৰে সুশীলে৷