নলবাৰীঃ দেওবাৰৰ পৰা আৰম্ভ হ’ল নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ এন এছ এ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন৷ দেওবাৰে পুৱা পতাকা উত্তোলন কৰা হয় আৰু স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মা আৰু নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি প্ৰদ্যুৎ কুমাৰ ভূঞাৰ লগতে পাচঁ শতাধিক খেলুৱৈৰ উপস্থিতিত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷

 আবেলি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়াবিদ সকলে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ৫০ খন পতাকা  উত্তোলন কৰে৷ ইয়াৰ পাছতেই মহিলাসকলৰ দ্বাৰা এখন প্ৰদৰ্শনীমূলক ফুটবল খেল অনুষ্ঠিত কৰা হয়৷

সোণালী জয়ন্তী বৰ্ষৰ দ্বিতীয় দিনা সোমবাৰে বিয়লি এন এছ এ ট্ৰফী ফুটবল প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে নলবাৰী জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ ভট্টাচাৰ্যই৷