56
ডিজিটেল ডেস্কঃ ৰোহিত চেট্টীৰ কমেডি ফিল্ম গোলমাল চিৰিজৰ বৃহৎ সফলতাৰ পাছত এইবাৰ পুনৰ দুটা বৰ্ষৰ বিৰতিৰ পাছত যশস্বী পৰিচালকগৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে আন এখন গোলমাল চিৰিজৰ ফিল্ম৷
বিশেষ সূত্ৰৰ পৰা জানিব পোৱা মতে ৰোহিত চেট্টীয়ে দীপাৱলীৰ আগে আগে ‘গোলমাল এগেইন’ নাম দি মুক্তি দিব কমেডি ফিল্মখন৷ বাতৰিৰ চৰ্চাত থকা এই ছবিখনৰ ট্ৰেইলৰ অতি শীঘ্ৰেই মুকলি কৰি দিয়া হ’ব বুলিও জানিব পৰা গৈছে৷