গুৱাহাটীঃ মুক্ত অনলাইন পুথিভঁৰাল হিচাপে পৰিচিত ‘ৱিকিউৎস’ৰ সক্ৰিয়তা বঢ়োৱাৰ লক্ষ্যৰে ‘চেণ্টাৰ ফ’ৰ ইণ্টাৰনেট এণ্ড ছ’ছাইটি-এক্‌চেচ টু ন’লেজ’ সংস্থাই ভাৰতীয় ভাষাৰ ৱিকিউৎস প্ৰকল্পসমূহৰ মাজত আয়োজন কৰা মুদ্ৰণ সংশোধনৰ প্ৰতিযোগিতাত অসমীয়া ৱিকিউৎসই তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ  হৈছে।  অসমীয়া ৱিকিউৎসৰ ফেচবুক পেজত  উল্লেখ থকা মতে ‘ইণ্ডিক ৱিকিছ’ৰ্চ প্ৰুফৰিডথন’ শীৰ্ষক এই প্ৰতিযোগিতাখন ১মে'ৰ পৰা ১০ মে'লৈকে চলিছিল।

১২ টা ভাৰতীয় ভাষাই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমীয়া ভাষায়ো যোগদান কৰে ৷ যোৱা ১২ মে'ত ঘোষণা কৰা হয় প্ৰতিযোগিতাৰ ফলাফল। ফলাফল অনুসৰি, অসমীয়া ৱিকিউৎসই এই প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে৷ আনহাতে মাৰাঠী ৱিকিউৎস আৰু তামিল ৱিকিউৎস‌ই যথাক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰে।

অসমীয়া ৱিকিউৎসই ফেচবুক পেজযোগে জনোৱা মতে, এই প্ৰতিযোগিতাৰ বাবে ২৭ খন কপিৰাইট-মুক্ত অসমীয়া গ্ৰন্থৰ তালিকা প্ৰস্তুত কৰা হৈছিল আৰু অসমৰ মুঠ ২৫ গৰাকী প্ৰতিযোগীয়ে এইখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷ প্ৰতিযোগীসকলে অসমীয়া গ্ৰন্থসমূহৰ মুঠ ৪,২৮৩ টা পৃষ্ঠা সংশোধন আৰু ৩,৪১১ টা পৃষ্ঠা বৈধকৰণ কৰে। ভাৰতৰ প্ৰায় দুশগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত অসমীয়া ৱিকিউৎসৰ অনামিকা বড়াই ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে৷

প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা অসমীয়া ৱিকিউৎসৰ ঈশান জ্যোতি বৰা, চাণক্য কুমাৰ দাস, বিশ্বজিৎ বৈশ্য, ডাঃ গীতাৰ্থ বৰদলৈ, প্ৰদ্যুত প্ৰতীম দত্ত, নিৰঞ্জন বড়া, অনিমেষ বৰা, ভাস্কৰজ্যোতি ভূঞা, প্ৰাণজ্যোতি নাথ, প্ৰিয়দৰ্শিকা মেধি,  দিব্য দত্ত, নয়ন জ্যোতি নাথ, হানিফ আলী, অনামিকা বৰুৱা,  বিদ্যুৎ শৰ্মা, মৌচুমী দাস, মৃদুল কুমাৰ শৰ্মা, নিজৰা কোঁচ, অম্লান বসুমতাৰী, বাবুল বৈশ্য, ড০ জলী ৰুমী বৰা, শশাংক বৰগোঁহাই, নিতিশা বৰদলৈ, ড০ গীতাৰ্থ কৌশিক বৰঠাকুৰেও মূল্যবান বৰঙণি আগবঢ়ায়।

অংশগ্ৰহণকাৰীসকলে দহ দিনত ডিজিটাইজ কৰি উলিওৱা কেইখনমান গ্ৰন্থ হৈছে- ভোলানাথ দাসৰ “সীতা-হৰণ কাব্য”, ৰঘুনাথ দাস মহন্তৰ “অসমীয়া অদ্ভুত ৰামায়ণ”, বৃষকেতুৰ “ঊষা হৰণ”, ভট্টদেৱৰ “কথা-গীতা”, ৰাম সৰস্বতীৰ “কৰ্ণ পৰ্ব্ব”, ৰাম সৰস্বতী অনূদিত জয়দেৱৰ “গীতগোবিন্দ”, ঈশানন্দ ভঁড়ালীৰ “অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল”, মফিজুদ্দিন আহমদ হাজৰিকাৰ “জ্ঞান-মালিনী”, গোবিন্দ মিশ্ৰৰ “শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা” আদি৷

উল্লেখ্য যে, ৱিকিউৎস বা ৱিকিছ’ৰ্ছ হৈছে অনলাইন বিশ্বকোষ হিচাপে খ্যাত ৱিকিপিডিয়াৰে এক ভগ্নী প্ৰকল্প৷  কপিৰাইট উকলি যোৱা গ্ৰন্থ, ৰচনা, নাটক, নথি-দলিল আদি ডিজিটেলকৰণৰ জৰিয়তে ইয়াত সংৰক্ষণ কৰা হয় ৷ ২০১৩ চনৰ ৪ জানুৱাৰীত নিজা উপ-ডমেইন লাভ কৰা অসমীয়া ৱিকিউৎসত এই পৰ্যন্ত ২৪৫ খন গ্ৰন্থ আৰু ১,৯০৪ টা লেখা সন্নিৱিষ্ট কৰা হৈছে ৷ শেহতীয়া পৰিসংখ্যা অনুযায়ী অসমীয়া ৱিকিউৎসৰ মুঠ সদস্য সংখ্যা ২,০১৪ গৰাকী ৷ অসমীয়া ভাষাৰ এই অৰ্থপূৰ্ণ যাত্ৰাত যোগদান কৰিব বিচৰা আগ্ৰহী ব্যক্তিসকলে ৱিকিউৎসৰ ৱেব-পৃষ্ঠা www.as.wikisource.org দৰ্শন কৰিব পাৰে ৷