Home ৰাজ্যআন্তঃৰাষ্ট্ৰীয় কবিতা মহোৎসৱত নগঞা দুই কবি

আন্তঃৰাষ্ট্ৰীয় কবিতা মহোৎসৱত নগঞা দুই কবি

by News Desk
58 views
A+A-
Reset

নগাওঃ ৰাজ্যৰ দুগৰাকী কবিক আন্তঃৰাষ্ট্ৰীয় কবিতা মহোৎসৱলৈ আমন্ত্ৰণ জনোৱাত উৎফুল্লিত হৈ পৰিছে নগাঁওবাসী৷ অন্ধ্ৰপ্ৰদেশৰ গুন্তোৰত অহা ২১ আৰু ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা দশম আন্তঃৰাষ্ট্ৰীয় কবিতা মহোৎসৱলৈ আমন্ত্ৰণ লাভ কৰিছে নগাঁৱৰ দুই কবিয়ে৷ সৌভাগ্যৱান কবি দুগৰাকী হৈছে বিপুল চন্দ্ৰ কলিতা আৰু পাৰ্থজিৎ বৰা ৷

নগাঁৱৰ ৰহা নিবাসী চাপৰমুখ বিবি কাঞ্চাৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিপুল চন্দ্ৰ কলিতাই ১৯৮৫ চনৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছে ৷ইতিমধ্যে কেইবাখনো স্মাৰক গ্ৰন্থ সম্পাদনা কৰা কলিতাৰ ‘Let the Pen Speach’ নামৰ জাপানৰ কবিতা সংকলনত বহুকেইটা কবিতা প্ৰকাশ পোৱাৰ লগতে ‘Rock Pebble’ তো কবিতা প্ৰকাশ পাইছে ৷ইফালে,আনগৰাকী কবি পাৰ্থজিৎ বৰাৰ ঘৰ কামপুৰৰ দেউৰী গাঁৱত ৷নগাঁৱৰ এখন কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা পাৰ্থজিৎ বৰাৰ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ইংৰাজী বাতৰি কাকতৰ লগতে মণিপুৰৰ ‘The Sangai Express’ত বৰাৰ কবিতা প্ৰকাশ পাই আহিছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0