ৰঙিয়াঃ যোৱা তিনিদিন ধৰি সন্ধান নাই এজন যুৱকৰ৷ মৰমৰ পুত্ৰক বিচাৰি এতিয়া হায়ৰাণ মাতৃ৷ পুত্ৰ চকুৰ আঁৰ হলেই থাকিব নোৱাৰা মাতৃগৰাকীয়ে লঘোণে থাকি পুত্ৰক বিচাৰি ব্যাকুল হৈ পৰিছে৷
মাতৃগৰাকীৰ কনিষ্ঠ পুত্ৰ নিৰুদ্দেশ হয় ৰঙিয়া ৰেল ষ্টেশ্যনৰ পৰা৷ বাক্সা জিলাৰ গোৰেশ্বৰৰ দীনেশ দাস আৰু চুমতি দাসৰ কনিষ্ঠ পুত্ৰ পুত্ৰ মুকুল দাস (২৫) মঙলবাৰৰ পৰা নিৰুদ্দেশ হয়৷ জানিব পৰা মতে, ৰঙিয়া শান্তিপুৰৰ বায়েকৰ ঘৰৰ পৰা গোৰেশ্বৰৰ ঘৰলৈ যাবলৈ বুলি ওলাই আহি ৰঙিয়া ৰেল ষ্টেশ্যনৰ পৰা নিৰুদ্দেশ হয় যুৱকজন৷