গুৱাহাটীঃ এই বৰ্ষতে নিযুক্তি লাভ কৰিব ৩ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে। বি এড ডিগ্ৰী থকা আৰু নথকা সকলো প্ৰাৰ্থীয়ে নিযুক্তি পোৱাৰ নিশ্চয়তা প্ৰদান কৰিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জনতা ভৱনত আজি এক সংবাদমেল যোগে শিক্ষামন্ত্ৰীজনে কয় যে অসমত ৮৮,৫৭১ জন টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ এতিয়াওঁ ১৯,৭০৯ জন প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰা নাই।

কেন্দ্ৰীয় চৰকাৰৰ এক শেহতীয়া নিদেৰ্শনা অনুসৰি অহা এক বছৰৰ ভিতৰত সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব। কেৱল অসমৰ ক্ষেত্ৰতে এই সুবিধা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।