ডিজিটেল ডেস্কঃ ভাৰতীয় অভিনয় জগতক বিশেষ ভাৱে চহকী কৰি থৈ যোৱা অভিনেতা, ধাৰাভাষ্যকাৰ, মঞ্চ অভিনেতা ফাৰুখ শ্বেখক Google Doodle-এ তেওঁৰ ফটো ব্যৱহাৰ কৰি সন্মান প্ৰদান কৰে৷ ৭০ সংখ্যাক জন্মদিনত এই সন্মান Google Doodle-এ প্ৰদান কৰি অভিনেতাগৰাকীক স্মৰণ কৰে৷
দেওবাৰে পুৱাৰে পৰা Googleৰ আৰম্ভণি পেজত অভিনেতাগৰাকীৰ ফটো সংলগ্ন কৰে৷ ফাৰুখ শ্বেখ আছিল এগৰাকী অভিনেতাৰ লগতে সমাজসেৱক তথা ধাৰাবাহিক নিৰ্মাতা৷ শ্বেইখে ৭০-৮০ দশকৰ সময়ছোৱাত চিনেমা জগতত বলিষ্ঠ অভিনয়ৰ জৰিয়তে নিজৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছিল৷