newsnextone.com | ডিজিটেল ডেস্কঃ গুগল। কোনে লোকে বিপদত নপৰাকৈ তথ্য লাভৰ এক ভাণ্ডাৰ হোৱাৰ লগতে গুগল হ’ল বিশ্বৰ অন্যতম চহকী চাৰ্জ ইঞ্জিন প্ৰতিষ্ঠান৷ স্মাৰ্ট ফোন আৰু ইণ্টাৰনেট সেৱাৰ দ্ৰুত ব্যৱহাৰৰ লগে লগে গুগলৰ প্ৰয়োজনীয়তা কিমান সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে আমাৰ দেশতো অধিক জনপ্ৰিয় হৈ পৰিছে গুগল৷
তথ্যৰ ভাণ্ডাৰ গুগলে আনিছে ভাৰতৰ বাবে এটা ভাল খবৰ৷ ইতিমধ্যে কৰি থোৱা ঘোষণা অনুসৰি দেশৰ বহু ৰেল ষ্টেচনত গুগলে দিব বিনামূলীয়া ইণ্টাৰনেট সেৱা৷ গুগলে নিজৰ জনপ্ৰিয়তা আৰু ব্যৱসায় বৃদ্ধিৰ লক্ষ্যৰে ৰেল ষ্টেচনক বিনামূলীয়া ইণ্টাৰনেট সেৱা আগবঢ়াব৷