newsnextone.com | ৰঙিয়াঃ গোপীনাথ বৰদলৈক প্ৰকৃত শ্ৰদ্ধাঞ্জলী জনাবলৈ হলে আমি প্ৰথমে তেওঁৰ জ্ঞানৰ গভীৰতা কিমান সেই কথা ভালদৰে বুজিব লাগিব। প্ৰয়াত মহান লোকগৰাকীয়ে সেই সময়তে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ লগত তুলনা কৰি যি ধৰণে কৈছিল বিজ্ঞান আৰু প্ৰযুক্তিৰ দিনত মানুহ মানুহৈ নাথাকিৱ সকলোৱে নিজৰ ব্যক্তিগত চিন্তাহে কৰিব।
সেই কথায়ে এতিয়া প্ৰতিপন্ন হৈছে। দেওবাৰে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত ভৱনত প্ৰায়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৬৯ তম মৃত্যু দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য মৃদুল হাজৰীকাই এই মন্তব্য প্ৰকাশ কৰে। উপাচাৰ্যগৰাকীয়ে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰি আৰু কয় যে মহান লোক গৰাকীয়ে অসমৰ বাবে অনেক কৰি থৈ গৈছে সেইবোৰ আমি এতিয়া ধৰি ৰখাটোহে আমাৰ কৰ্তব্য।