গোৰেশ্বৰঃ এবছুৰ প্ৰমোদ বড়োই যদি জাতিটোক লৈ খেলা কৰি থাকে তেন্তে আমি বেলেগকৈ এবছুৰ জন্ম দিম। যি এনডিএফবিয়ে বড়ো জাতিৰ লোকক গুলীয়াই গুলীয়াই হত্যা কৰিছিল তেওঁলোকৰে সংগ দিছে এতিয়া এবছুৱে। 

প্ৰমোদ বড়োই জাতিক লৈ বেপাৰ কৰি আছে। সেয়া বন্ধ হ'ব লাগে। নহ'লে আমি নতুন এবছু জন্ম দিবলৈ বাধ্য হ'ম। এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। শুকুৰবাৰে বিটিএডিৰ শুক্লা চেৰফাং সমষ্টিৰ অন্তৰ্গত বাঙালীপাৰা হাইস্কুল খেলপথাৰ ৫ নং কোকৰাঝাৰ সমষ্টিৰ বিজেপি, এজিপি আৰু বিপিএফ সমৰ্থিত প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ সমৰ্থনত আয়োজিত এখনি নিৰ্বাচনী সভাত ভাষণ দি হাগ্ৰামা মহিলাৰীয়ে এনেদৰে কয়।

শুক্লা চেৰংফাং ব্লক বিপিএফৰ সভাপতি জীনা বড়োই পৰিচলানা কৰা সভাত মাজবাট সমষ্টিৰ ইএম চৰেন বড়োই ভাষণ দি কয় যে হীৰা শৰণীয়াই পাঁচ বছৰত সাংসদ পুঁজিৰ এটাও টকা সঠিক কামত ব্যৱহাৰ কৰিব পৰা নাই। 

সভাত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে নিৰ্বাচনী ভাষণ দি কয় যে বিগত সময়ত কোকৰাঝাৰ সমষ্টিৰপৰা ভুল সাংসদ নিৰ্বাচিত হৈ গৈছে। নৱ কুমাৰ শৰণীয়াই ভুল পথেৰে কোকৰাঝাৰ সমষ্টিৰ ৰাইজক বড়ো, অবড়োৰ নামত বিপথে পৰিচালিত কৰিছিল। 

পাঁচ বছৰত বিটিচি গাওঁ কৰ্তনৰ নামত ৰাজনীতি কৰিলে কিন্তু এখনো গাঁও কৰ্তন কৰিব নোৱাৰিলে। গাঁও কৰ্তন কৰিম বুলি টকা তুলি তেওঁ লোকসভাৰ নিৰ্বাচনহে খেলিলে। কিন্তু এই অঞ্চলসমূহৰ কোনো এটা ভাল কাম কৰিব নোৱাৰিলে। অবৈধ অস্ত্ৰ থকা বুলি কোৱা নৱ কুমাৰ শৰণীয়াই আজিলৈকে নিজে অবৈধ অস্ত্ৰ চৰকাৰক জমা দিয়া নাই।

হাগ্ৰামা মহিলাৰী যদি উগ্ৰপন্থী হৈ বিটিচিৰ উন্নয়ন কৰিব পাৰে তেন্তে আমাক তেনে দহজন উগ্ৰপন্থী লাগে। কিন্তু নৱ কুমাৰ শৰণীয়াৰ দৰে উগ্ৰপন্থী নালাগে যি ব্যক্তিগত মুনাফাৰ বাবে ৰাজনীতি কৰে। তেওঁ আৰু কয় যে ইউজি ব্ৰহ্মই সাংসদ হৈ আন্দোলনহে কৰিব কিন্তু আমাক আন্দোলন কৰা সাংসদ আমাক নালাগে।

নিৰ্বাচনী সভাত প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই কয় যে এতিয়া আৰু বড়োলেণ্ড নহয়। আমাৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ এচামে বড়োলেণ্ড হ'ব বুলি কৈছে। তেওঁ কোকৰাঝাৰৰ ৰাইজক চৰকাৰৰ সৈতে থাকি বিটিচিৰ উন্নয়ন কৰিবলৈ ভোট দিবলৈ অনুৰোধ জনায়।