newsnextone.com | গোৰেশ্বৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুকুৰবাৰে ঘোষিত ফলাফলত ৰাজ্যৰ কেইবাখনো সমস্যা বহুল জিলাই ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে৷ কেইবাখনো বান, গৰাখহনীয়াত যুঁজ দিয়া অতি পিছপৰা জিলাই শীৰ্ষৰ দহটা স্থানত নাম অন্তৰ্ভূক্ত কৰিবলৈ সমৰ্থ হৈছে৷ এইবেলি মুঠ পৰীক্ষাৰ্থী আছিল ৩ লাখ ৪৪ হাজাৰ ২১৫ গৰাকী ইয়াৰে পৰীক্ষাত বহে ৩ লাখ ৩৭ হাজাৰ ৫৭০গৰাকী শিক্ষাৰ্থীয়ে৷
সৰ্বমুঠ ছাত্ৰ আছিল ১ লাখ ৬৭ হাজাৰ ৮৯৪ গৰাকী ইয়াৰে ১ লাখ ৯৬ হাজাৰ ৪৯২গৰাকী ছাত্ৰই পৰীক্ষাত বহে৷ ৩১,৮৬১ গৰাকী ছাত্ৰই প্ৰথম বিভাগত, ৪১,৪৪২ গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ২৩, ৭৩৫গৰাকী ছাত্ৰই৷ আনহাতে ১ লাখ ৭৬ হাজাৰ ৩২১গৰাকী ছাত্ৰীৰ ভিতৰত পৰীক্ষাত বহে ১ লাখ ৭৩ হাজাৰ ৭৮ গৰাকীয়ে৷ ইয়াৰে ২৯,১২৬ গৰাকীয়ে প্ৰথম বিভাগত, ৪০,৪১১ গৰাকীয়ে দ্বিতীয় আৰু ২২৫৯৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ মহিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৩.২৩ শতাংশ আৰু পুৰুষৰ ৫৯ শতাংশ উত্তীৰ্ণ হয়৷ মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.০৪ শতাংশ৷