newsnextone.com | ডিজিটেল ডেস্কঃ আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পূৰ্বৰ বছৰতকৈ আশাপ্ৰদ হ’লেও বিগত দহ বছৰৰ তুলনাত শোচনীয় বুলি প্ৰমাণিত হৈছে৷ ২০০৯ চনৰ পৰা ২০১৭ চনলৈ পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰৰ ফালৰ পৰা চাব গ’লে নৱম স্থানলৈ অৱনমিত হৈছে এইবাৰৰ ফলাফল৷
অৱশ্যে ২০১৭ বৰ্ষৰ উত্তীৰ্ণৰ হাৰে অৰ্ধশতকৰ ঘাই পাৰ কৰিব নোৱাৰাৰ বিপৰীতে ২০১৮ বৰ্ষৰ ফলাফল উৎসাহজনক৷ ২০১৮ বৰ্ষত উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.০৪ শতাংশ৷ ২০১৭ বৰ্ষত মাত্ৰ ৪৭.৯৪ শতাংশ পৰীক্ষাৰ্থীয়েহে পাৰ হৈছিল হাইস্কুলৰ ডেওনা৷