♦ বি পি এফ বিশ্বাসঘাতক দলঃ ছাইমন কিস্কু

গোসাইগাঁওঃ সদৌ চাওতাল ছাত্ৰ সন্থা চমুকৈ এছুৰ নৱ গঠিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ আজি সম্পন্ন হয়৷ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন হাব্ৰুবিলস্থিত এছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত শপত গ্ৰহণ সভাৰ সভাপতিত্ব কৰে কেন্দ্ৰীয় প্ৰাক্তন সভাপতি প্ৰবিল হাছদাই আৰু শপত বাক্য পাঠ কৰায় প্ৰতিষ্ঠাপক সভাপতি ক্ৰিষ্টোফাৰ টুডুয়ে৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি এছুৰ উপদেষ্টা তথা প্ৰাক্তন সভাপতি ছাইমন কিস্কুয়ে বি পি এফ দলক বিশ্বাস ঘাতক দল বুলি অভিহিত কৰে৷ তেওঁ কয় যে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰিয়ে বি টি এডিৰ সকলো জাতি-জনগোষ্ঠীৰ বাবে বি পি এফ দল বুলি আভুৱা ভৰে৷ 

কাৰ্যক্ষেত্ৰত বি পি এফে অকল স্ব-জনগোষ্ঠীৰ বাবেহে কাম কৰে৷ নিৰ্বাচনৰ পূৰ্বে আদিবাসী জনগোষ্টীৰ জনজাতিকৰণৰ বাবে বি পি এফৰ কোনো আপত্তি নাই বুলি প্ৰকাশ কৰিছিল৷ কিন্তু সময় অহাৰ লগে লগে ওলোটা খৰ মাৰিলে৷ 

ৰাজ্য চৰকাৰৰ সহযোগী দল হোৱাৰ সুবিধা লৈ আদিবাসীৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বাধা প্ৰধান কৰিছে৷ এয়া হাগ্ৰামা মহিলাৰীৰ স্বৈৰাচাৰীৰ বাহিৰে একো নহয় বুলি উল্লেখ কৰি ইয়াৰ প্ৰত্যুত্তৰ নিৰ্বাচনত দিয়া হ’ব বুলি হুংকাৰ দিয়ে৷