107
মৰিগাঁওঃ সমগ্ৰ ৰাজ্যজুৰি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৯ হাজাৰতকৈ অধিক শিক্ষক পদৰ বাবে চলি থকা পুনৰীক্ষণ প্ৰক্ৰিয়াত একাংশ প্ৰাৰ্থীয়ে ব্যাপক অনিয়ম আশ্ৰয় লোৱা বুলি এক গুৰুত্ব অভিযোগ উত্থাপিত হৈছে।
অভিযোগ অনুসৰি কৰ্মৰত টেট শিক্ষকসকলক নম্বৰৰ ভিত্তিত নিয়মীয়া শিক্ষক পদৰ বাবে চলি থকা নিযুক্তিৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত একাংশ প্ৰাৰ্থীয়ে নিজৰ নম্বৰ বৃদ্ধি কৰি নিয়মীয়া শিক্ষক পদত নিযুক্তি লাভৰ বাবে অৱলম্বন কৰিছে এক অসৎ পন্থা।