বিশেষ প্ৰতিবেদনঃ লকডাউন ঘোষণা আৰু কাৰ্যকৰী কৰোতে যিদৰে আইচিএমআৰৰ বিশেষজ্ঞসকলৰ পৰামৰ্শক চৰকাৰে আওকাণ কৰিছিল ঠিক একেদৰে এতিয়া শিথিলকৰণ আৰু প্ৰত্যাহাৰৰ সময়তো পূৰ্বৰ ভুলৰ পুনৰাবৃত্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। চৰকাৰৰ এনে কাৰ্যক লৈ একাধিক বিশেষজ্ঞ সৰৱ হৈ পৰাৰ লগতে শেহতীয়া সিদ্ধান্তসমূহে দেশবাসীক নতুন সংকটৰ দিশে লৈ যাব বুলিও দাবী কৰিছে।
Article14-ত প্ৰকাশিত এটা বাতৰিত কোৱা হৈছে যে এপ্ৰিলৰ আৰম্ভণিত আইচিএমআৰৰ বিশেষজ্ঞসকলে প্ৰেজেণ্টেশ্যনৰ জৰিয়তে চৰকাৰক লকডাউন কিদৰে প্ৰত্যাহাৰ কৰা উচিত সেই সম্পৰ্কে বিজ্ঞানসন্মত পৰামৰ্শ আগবঢ়াইছিল। আটাইবোৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ পিছতহে লকডাউন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক স্পষ্টকৈ সকীয়াই দিছিল আইচিএমআৰৰ বিশেষজ্ঞসকলে। ইয়াৰ অন্যাথাই দেশত কৰ’নাৰ সংক্ৰমণ ভয়াৱহ হৈ পৰিব বুলিও বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে।