বিশ্বনাথ চাৰিআলিঃ এইবাৰ বাঘৰ ছাল আৰু হাড়ৰ চোৰাং সৰবৰাহত নামি পৰিল খোদ চৰকাৰী কৰ্মচাৰী। মঙলবাৰে নিশা কাজিৰঙাৰ নৰ্ডান ৰেঞ্জে গহপুৰ মহকুমাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী দফলাগড় চাহ বাগিচাত অভিযান চলাই এটা নাহৰফুটুকী বাঘৰ ছাল আৰু হাড়সহ ৪ জনকৈ অৰুণাচলী লোকক গ্ৰেপ্তাৰ কৰে।
ধৃত লোক চাৰিজন ক্ৰমে টানা বুট্ৰা(২৪), তেলিনিকু কামডেৰ (৩২), তেচি পাপু (২৬) আৰু টেচি আতুং(৩৫)। ইয়াৰে টেচি আতুং নামৰ লোকজন হৈছে অৰুণাচল চৰকাৰৰ স্বাস্থ্য বিভাগৰ এগৰাকী কৰ্মচাৰী।