82
কামপুৰঃ নগাওঁ জিলাৰ ৰহা সমষ্টিৰ পুঠিমাৰী দীঘলীডুবাৰ এখন দলঙে অঞ্চলটো ৪০ খন গাঁৱৰ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভোগাই আহিছে।
দলং নহয় যেন মৰণ ফাণ্ড। মাথোঁ কেইটামান কাঠৰ খুঁটা আৰু কেইডালমান লোহাৰ চিৰি। স্বাধীনতাৰ ৭০ বছৰৰ পাছতো কোনো জনপ্ৰতিনিধি অথবা চৰকাৰে অঞ্চলটোৰ যাতাযাত ব্যৱস্থাৰ উন্নয়নৰ ব্যৱস্থা কৰা নাই। ফলত অঞ্চলটোৰ ৪০ খন গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি এই মৰণফাণ্ড সদৃশ দলংখনেৰেই যাতায়াত অব্যাহত ৰাখিবলগা হৈছে।