94
নাৰায়ণপুৰঃ নাৰায়ণপুৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা ৰঙতি সংযোগী গড়কাপ্তানি পথটোৰ আঠানীবাৰী অংশত এখন পকী দলং নিৰ্মাণৰ দাবীত পথটোৰ ওপৰত তাই আহোম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷
দীৰ্ঘকাল ধৰি এখন দলংৰ ব্যৱস্থা নোহোৱাৰ বাবে বাৰিষা এই পথটোৰে যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈ আহিছে ৷