জাজৰিঃ ৰাজ্য চৰকাৰে দুদিনীয়াকৈ বিশ্ব বাণিজ্য সন্মিলন অনুষ্ঠিত কৰি দেশী-বিদেশী আলহীক আদৰাৰ নামত কোটি কোটি টকা খৰচ কৰিছে৷ নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক কাৰ্যসূচী অনুষ্ঠিত কৰি ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰিছে যদিও ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ উন্নয়ন তথা থলুৱা যুৱকক স্বাৱলম্বী কৰিবলৈ কিঞ্চিত চেষ্টা কৰা দেখা নাযায়৷
দেশৰ আন আন ঠাইৰ উদ্যোগপতিক অসমলৈ মাতি আনি মাটি দি, কোটি কোটি টকাৰ ৰাজহ দি আহিছে যদিও ৰাজ্য খনৰ থলুৱা যুৱকসকলক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ এটি ক্ষুদ্ৰ উদ্যোগ গঢ়াৰ বাবে থলুৱা যুৱকে এক লাখ টকাৰ ঋণ বিচাৰি হাহাকাৰ কৰিব লগা হয়৷ বেংকৰ পদুলিয়ে পদুলিয়ে ঘুৰি অৱশেষত আনৰ দোকানত থাকিব লগা হয় নতুবা আনৰ গাড়ীৰ চালক হ’ব লগা হয়৷ তাৰ মাজতে চৰকাৰী সাহায্য অবিহনে একাংশ লোকে নিজৰ হাতৰ ধনেৰে স্বাৱলম্বী হ’বলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷