newsnextone.com | টীয়কঃ যোৰহাট জিলাৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত হোলোঙাপাৰ গোহাঁই গাঁৱৰ অংকুৰ চাংমাই নামৰ এজন যুৱকৰ ঘৰৰপৰা শনিবাৰে আৰক্ষীয়ে ৩ টা হেণ্ড গ্ৰেণেড সহ ১১ জাঁই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

শনিবাৰে লাহদৈগড় আৰক্ষী বিষয়া অমৰজ্যোতি গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিশেষ সূত্ৰৰ পম খেদি অংকুৰ চাংমাইৰ ঘৰত বিস্ফোৰক সামগ্ৰীসমূহৰ সন্ধান চলাই গাহৰিৰ গডালত পুতি থোৱা অৱস্থাত সামগ্ৰীখিনি উদ্ধাৰ কৰে৷ 

আৰক্ষীয়ে বিস্ফোৰক সামগ্ৰীসমূহ সৰবৰাহ কৰা আৰু লুকুৱাই ৰখাৰ অভিযোগত অংকুৰ চাংমাই নামৰ যুৱকজনক আটক কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷