newsnextone.com | ডিজিটেল ডেস্কঃ চুটি ছবি হৈছে এক সংক্ষিপ্ত সময়ৰ ভিতৰত বহল অনুভৱৰ প্ৰকাশ৷ কম চৰিত্ৰ, কম সংলাপ আৰু নিৰ্দিষ্ট সময়ৰ সীমাবদ্ধতাৰ মাজত এটি কাহিনীক জীৱন্ত ৰূপ প্ৰদান কৰা কোনোপধ্যেই সৰু কথা হ’ব নোৱাৰে৷ ছুটি ছবি এখন নিৰ্মাণ কৰাটো বাহিৰৰ পৰা যিমান সহজ যেন লাগিলেও বাস্তৱতে ছুটি ছবি নিৰ্মাণ কৰাটো সহজ নহয়৷

যাৰ পৰিপ্ৰেক্ষিতত অসম, ভাৰততে হওক বা সমগ্ৰ বিশ্বতে হওক, ছুটি ছবিক এক বিশেষ মৰ্যাদা দি অহা হৈছে৷ ভাবগধুৰ, উচিত কাহিনীযুক্ত ছুটি ছবিয়ে বিভিন্ন সময়ত সমাদৰ লাভ কৰি আহিছে৷ পূৰ্বৰ তুলনাত বৰ্তমান ছুটি ছবিৰ নিৰ্মাতাৰ সংখ্যা বা পৰিচালকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয় যদিও এতিয়াও বিশেষকৈ অসমত সবল কাহিনী, অভিনয়, দৃশ্যপটেৰে নিৰ্মিত এখন উৎকৃষ্ট ছুটি ছবিৰ অভাৱ অনুভৱ হয়৷ 

তেনে এক সময়তে উদীয়মান নিৰ্মাতা, পৰিচালক, অভিনেতা তথা প্ৰযোজক দয়াল কলিতাই অসমীয়া ভাষাত এখন চুটি ছবি নিৰ্মাণৰ প্ৰস্তুতি চলাইছে৷ পৰিচিত পৰিচালক কুলেন্দ্ৰ ৰায়চৌধুৰীয়ে পৰিচালনা কৰা এক ভিন্ন স্বাদৰ প্ৰেম কাহিনীৰে নিৰ্মাণ কৰা ছুটি ছবিখনৰ ইতিমধ্যে কিছু দৃশ্যৰ দৃশ্যগ্ৰহণ হৈ গৈছে৷ নাম স্থিৰ নহোৱা ছুটি ছবিখনৰ মাজেৰে প্ৰেম আৰু সংঘাত দৃশ্যায়ন কৰি সমাজলৈ এক নতুন যোগাত্মক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰিছে ছবিখনৰ প্ৰযোজক তথা কাহিনীকাৰ দয়াল কলিতাই৷ 

সাধাৰণৰ পৰা কিছু পৃথকে গৈ ছুটি ছবি উপভোগকাৰীক এক নৱ আস্বাদন দিয়াৰ প্ৰয়াস কৰা দয়াল কলিতাই ছুটি ছবিখনৰ সন্দৰ্ভত জানিবলৈ দিয়া মতে, খুব কম দিনৰ ভিতৰতে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম সম্পূৰ্ণ কৰি দৰ্শকৰ বাবে উলিয়াই দিয়া হ’ব৷ ইফালে, ছবিখন বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱলৈ প্ৰেৰণ কৰাৰ বাবেও ইচ্ছা প্ৰকাশ কৰিছে দয়াল কলিতাই৷ 

অতি কম বাজেটেৰে নিৰ্মাণ কৰা কিন্তু সবল কাহিনী আৰু পৰিচালনাৰ চুটি ছবিখনত বলিষ্ট অভিনয় কৰিছে বলিষ্ঠ অভিনেতা চন্দন শৰ্মা, নিকিতা খাখলাৰী, বিবেকৰ আদিৰ লগতে কেইবাগৰাকীও ন-পুৰণি কলা-কুশলীয়ে৷ দৃশ্যগ্ৰহণৰ কাম চলি থকা ছুটি ছবিখনে মুক্তিৰ পিছত দৰ্শকৰ মনত ঠাই পাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে উদীয়মান নিৰ্মাতা, পৰিচালক, অভিনেতা তথা প্ৰযোজক দয়াল কলিতাই৷