ডিজিটেল ডেস্কঃ চীনৰ এখন বিশ্ববিদ্যালয়ে বাৰ্ষিক খেল সপ্তাহত অন্তৰ্ভুক্ত কৰিছে এই নাভুত-নাশ্ৰুত খেল। প্ৰতিযোগীতাত প্ৰাৰ্থীয়ে জেভলিন, ডিচকাচ দলিওৱাৰ পৰিৱৰ্তে দলিয়াব লাগিব গ্ৰেনেড। চীনৰ এখন পত্ৰিকাৰ খবৰ অনুযায়ী এই শিহৰণকাৰী খেল পাতিছে চীনৰ উত্তৰাঞ্চলৰ এখন প্ৰদেশৰ নৰ্থ ইউনিভাৰ্ছিটি অব চাইনাই।
মে’ মাহত অনুষ্ঠিত হ’বলগীয়া এই খেলখনত ৫০০ গ্ৰাম ওজনৰ গ্ৰেনেড দলিয়াব লাগিব খেলুৱৈয়ে। দৰাচলতে এনে এবিধ ভয়ংকৰ খেল কিয় পাতিবলগীয়া হ’ল, সেইবিষয়ে বিবিচিক বিশ্ববিদ্যালয়খনৰ লি জিয়ান শ্বি নামৰ অধ্যাপকজনে দিয়া বাখ্যা মতে ছাত্ৰ-ছাত্ৰীৰ খেলৰ প্ৰতি অনীহাৰ ভাব জাগিছে। সেয়ে এসময়ৰ জনপ্ৰিয় ডিচকাচ থ্ৰ’ৰ ঠাইত এইবাৰ গ্ৰেনেড থ্ৰ’ প্ৰতিযোগীতা পাতি আগৰ উৎসাহৰ পৰিৱেশ ঘুৰাই অনাৰ চেষ্টা চলাইছে বিশ্ববিদ্যালয়খনে।