ডিজিটেল ডেস্কঃ পহিলা জুলাইত কাৰ্যকৰ হোৱা সামগ্ৰী আৰু সেৱাকৰক লৈ এচাম ধুৰন্ধৰ ব্যৱসায়ীয়ে হকে-বিহকে গ্ৰাহকৰপৰা মূল্য আদায় কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিভিন্ন ঠাইত পুৰণা সামগ্ৰীত নতুন লেবেল লগাই অবৈধভাবে মুনাফা আদায় কৰা বুলি জানিব পৰা গৈছে।
তদুপৰি কি সামগ্ৰীত কিমান কৰ, আদি লৈও গ্ৰাহক-বিক্ৰেতাৰ মাজত দ্বণ্ড হোৱাৰ বিক্ষিপ্ত ঘটনাৰ খবৰ পোৱা গৈছে। উল্লেখ্য যে কেন্দ্ৰীয় খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰামবিলাস পাছোৱানে ব্যৱসায়ীসকলক এই ক্ষেত্ৰত কঢ়া নিৰ্দেশ দিছে যদিও জিএছটি কাৰ্যকৰ হোৱাৰ ছয়টা দিনৰ পিছতো এনে অভিযোগৰ অন্ত পৰা নাই।