গোলকগঞ্জঃ গোলকগঞ্জৰ দেবত্তৰ হাজদাহত লোমহৰ্ষক হত্যা কাণ্ড সংঘটিত হয়৷ স্বামীৰ উপৰ্যুপৰি ছুৰিকাঘাতত প্ৰান গ’ল পত্নী সাহিদা বিবি৷

হত্যাকাৰী স্বামীৰ নাম ফজলুল হক৷ ফজলুলৰ ঘৰ গৌৰীপুৰ থানাৰ বতুৱাতলী গাঁৱত। বুধবাৰে পুৱা আঠ মান বজাত হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰে পত্নী হত্যাকাৰী ফজলুলে। তিনিটা সন্তানৰ মাতৃ আছিল সাহিদা৷

উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত গোলকগঞ্জ আৰক্ষী উপস্থিত হয়৷ 

ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ দেৱত্তৰ হাজদাহ পঞ্চম খণ্ড গাঁৱৰ সৰকত আলীৰ কন্যা সাহিদা বিবিৰ লগত গৌৰীপুৰ থানাৰ বতুৱাতলী গাঁৱৰ ফজলুল হকৰ লগত বহুবছৰ পূৰ্বে বিয়া হয়৷ কিন্তু অভিযোগ মতে স্বামীৰ লগতে স্বামী গৃহৰ লোকে সাহিদাক দীৰ্ঘ দিনৰপৰা শাৰিৰীক নিৰ্যাতন চলাই আহিছিল। স্বামী গৃহৰ নিৰ্যাতনত অতিষ্ঠ হৈ সাহিদাই তিনি-চাৰি মাহ পূৰ্বে পিতৃ গৃহলৈ গুচি আহে৷

তেতিয়াৰপৰা সাহিদাই পিতৃ গৃহতে থাকিবলৈ লয়। স্বামী ফজলুল হক ওৰফে মিঠুনেও মাজে মাজে আহি পত্নী সন্তানৰ লগত শহুৰেকৰ ঘৰত থাকে। কিন্তু ইয়াৰ মাজতে আজি পুৱা আঠ মান বজাত ফজলুলে সাহিদাৰ পিতৃ গৃহতে চোকা অস্ত্ৰৰে সাহিদাক হানি খুচি নিৰ্মমভাৱে হত্যা কৰে।  

হত্যা কাণ্ড সংঘটিত কৰিয়ে ফজলুলে পলায়ন কৰে। ঘটনাৰ খবৰ পাই গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰীক কৰায়ত্ত কৰাৰ লগতে ঘটনাৰ ৰহস্যৰ বিষয়ে জানিবলৈ তীব্ৰ অভিযান চলাইছে।