দৰংঃ দৰং জিলাৰ ধূলাত যোৱা কালি সংঘটিত হ’ল এক আত্মহত্যাৰ ঘটনা। ধূলা থানাৰ অন্তৰ্গত টাংনিঝাৰ গাঁওৰ ছিদ্দিক আলিৰ ১৩ বছৰীয়া কন্যা চাবিনা বেগমে ডিঙিত উৰুণাৰে চিপলৈ আত্মহত্যা কৰে। 

জানিব পৰা মতে মৃত্যু কিশোৰীজনীৰ পিতৃ-মাতৃয়ে এনআৰচিৰ শুনানিৰ বাবে এনআৰচি কাৰ্যালয়ত গৈছিল, ঘৰত কোনো নথকাৰ সুযোগ লৈ চাবিনা বেগমে সংঘটিত কৰে উক্ত ঘটনা। আবেলি প্ৰায় ৩ মান বজাত কিশোৰী গৰাকীৰ পিতৃ মাতৃ কাৰ্যলয়ৰপৰা ঘূৰি আহি ঘৰৰ ভিতৰত চাবিনাই চিপ লোৱা অৱস্থাত দেখা পাই কান্দুনত ভাগৰি পৰে পৰিয়ালটোৱে। 

পিছত স্থানীয় বাসিন্দাই ঘটনাটো জানিব পাই ধূলা আৰক্ষী থানাত খবৰ দিয়ে। আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নায়। এজাহাৰ উল্লেখ থকা মতে পৰিয়ালৰ কোনো সদস্যই কাৰো ওপৰত কোনো ধৰণৰ সন্দেহ কৰা নাই বুলিও জানিব পৰা গৈছে। আনহাতে, ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ কাকতি যে খবৰ পাই উপ-পৰিদৰ্শক ছাব্বিৰ আলিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ CD কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।