newsnextoneনগাঁওঃ যি সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে বিভিন্ন মন্ত্ৰী-বিধায়কে শিক্ষা বিভাগৰ নীতি মতে পৰিচয় পত্ৰ আঁৰি লৈ এই বৰ্ষৰ গুণোৎসৱত আজি ভিন ভিন বিদ্যালয়ত বহি: নিৰীক্ষকৰ দায়িত্ব পালন কৰিলে সেই একে সময়তে বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই বিদ্যালয় পৰিদৰ্শকৰ ৰূপত অৱতীৰ্ণ হোৱা বিষয়টোৱে নগাঁও-মৰিগাঁও জিলাত ব়্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
প্ৰাপ্ত তথ্য মতে, বিগত বৰ্ষৰ দৰে এইবাৰো অসম সৰ্বশিক্ষা মিচনে আয়োজন কৰা গুণোৎসৱত বিদ্যালয়সমূহৰ গুণগত মান নিৰূপন কৰিবলৈ বিভিন্ন অধ্যাপক, প্ৰৱক্তা, বিষয়-শিক্ষক, বিষয়াসকলক বহি: নিৰীক্ষক হিচাপে নিয়োগ কৰিছে ৷ ইয়াৰোপৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে বিভিন্ন মন্ত্ৰী-বিধায়ক সকলেও একোখনকৈ নিদিষ্ট বিদ্যালয়ত বহি: নিৰীক্ষকৰ দায়িত্ব গ্ৰহন কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়ৰ গুণগত মান নিৰূপণ কৰিছে ৷ গুণোৎসৱ অনুষ্ঠিত হোৱা অসমৰ বিভিন্ন বিদ্যালয়ত আন আন বহি: নিৰীক্ষকৰ দৰেই মুখ্যমন্ত্ৰীকে আদি কৰি দায়িত্বপ্ৰাপ্ত সকলো মন্ত্ৰী-বিধায়কে গুণোৎসৱৰ পৰিচয় পত্ৰ পৰিধান কৰি নিজ নিজ দায়িত্ব নিষ্ঠাৰে পালন কৰা পৰিলক্ষিত হৈছে ৷