56
কামপুৰঃ শিক্ষাৰ গুনগত মান উন্নত কৰাৰ বাবে শিক্ষা বিভাগে ৰাজ্যৰ ১২ খন জিলাত অনুষ্ঠিত কৰিছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ ১০ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈ থকা বিদ্যালয় সমূহত অনুষ্ঠিত হৈ থকা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন।
জাকজমকতাৰে চৰকাৰী বিদ্যালয় সমূহত গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই কিছু পৰিমাণে হ’লেও গুণোৎসৱৰ প্ৰস্তুতি স্লান পেলোৱা পৰিলক্ষিত হৈছে৷