গুৱাহাটীঃ ৰিহাবাৰীৰ নেপালী মন্দিৰৰ নিকটৱৰ্তী অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষণৰ কাৰ্যালয়টি মহানগৰীৰ অইন ঠাইলৈ স্থানান্তৰিত হোৱাত উক্ত ঠাই টুকুৰা সম্পূৰ্ণ খালি হৈ পৰিছে। তাৰ পৰিপ্ৰেক্ষিতত ৰিহাবাৰীবাসী ৰাইজে উক্ত মুকলি হোৱা ঠাই খিনিত এখন ৰাজহুৱা উদ্যানৰ প্ৰয়োজন অনুভৱ কৰি চৰকাৰলৈ দাবী জনায়।
যিহেতু ঠাইডোখৰ বন বিভাগৰ অধীনৰ নহয় চৰকাৰী ভূমিহে সেয়ে চৰকাৰেও এই ক্ষেত্ৰত অনুমতি দি পূজাৰ পিছৰ পৰা উদ্যানৰ কাম আৰম্ভ হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু ৰাইজৰ এই দাবীক উলাই কৰি বন বিভাগে উক্ত স্থানত অট্টালিকা নিৰ্মাণৰ কাম আৰম্ভ কৰে। আৰু লগতে তাত থকা সমূহ মূল্যৱান গছ কাটি পেলায়।