গুৱাহাটীঃ শিক্ষা তথা শিক্ষাদানৰ মানদণ্ড নিৰূপণৰ বাবে অসম চৰকাৰে চাৰিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ কৰিছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই বিশেষ পদক্ষেপৰ জৰিয়তে বিদ্যালয় সমূহৰ শিক্ষাদানৰ মানদণ্ড, শিক্ষকসকলৰ জ্ঞানৰ মানদণ্ড, শিক্ষা সমলসমূহৰ সঠিক ব্যৱহাৰ, চাফ চিকুণতাৰ মানদণ্ড, নৈতিক শিক্ষা গুণগত আদি শিক্ষাৰ সকলো আনুসংগিক দিশ সামৰি লোৱা হৈছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত প্ৰস্তুত কৰা এই কাৰ্যসূচী ২০১৬-১৭ বাজেট বৰ্ষৰ ঘোষণা কৰা অনুসৰি ২টা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছে। প্ৰথম পৰ্যায়ত বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকান্দি, কামৰূপ (মহানগৰ), লখিমপুৰ, মৰিগাওঁ, কাৰ্বি আংলংত ৪ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈকে অনুষ্ঠিত কৰা এই গুণোৎসৱত সৰ্বমুঠ ১২,৩২০ খন বিদ্যালয় আৰু ৯,১১,৫৮৮ জন ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছে। উল্লেখ্য যে ৪ এপ্ৰিলৰ পৰা শুভাৰম্ভ হোৱা এই কাৰ্য্যসূচীত ৰাজ্যৰ প্ৰায় ১৫ খন জিলাই সমৰ্থন আগবঢ়াইছে।

আজি আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা গুণোৎসৱত ৰাজ্যৰ ৫৯ জন বিদ্যালয় পৰিদৰ্শক, ২৫ জন আইপিএছ, ৭ জন  আইইএছ, ১৯১ জন এচিএছ, ১৭ জন এএফএছ, ৪২ জন এপিএছ, ১৭৬৩ গৰাকী  অধ্যাপক-অধ্যাপিকা, ১১২ জন ডায়েট প্ৰবক্তা আৰু ২০৬৮ জন ৰাজপত্ৰিত বিষয়া উপস্থিত থাকে। এনেদৰে অসমৰ আঠখন জিলাত মুঠ ৪৩১৯ গৰাকী বাহ্যিক মূল্যায়নকাৰীয়ে বিদ্যালয়সমূহ পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়সমূহৰ মান নিৰূপণৰ কাম আৰম্ভ কৰিছে।

ইয়াৰ উপৰিও ৰাজ্যৰ ১০ গৰাকী বিধায়কেও গুণোৎসৱৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। অতিকৈ গুৰুত্বপূৰ্ণ কথা যে এই গুণোৎসৱৰ জৰিয়তে ৰাজ্য চৰকাৰে চাৰিটা লক্ষ্যত উপনীত হব। ইয়াৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ বাবে সকলো মাধ্যমত বেলেগ বেলেগ প্ৰকাৰৰ ওএমআৰ পত্ৰ ব্যৱহাৰ কৰি ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন কৰা হ'ব। প্ৰতিখন বিদ্যালয়ত বাহ্যিক মূল্যায়ক সকলে দ্বিতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ গঠন, লিখন আৰু সাংখ্যিক জ্ঞানৰ মূল্যায়ন কৰিব আৰু পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত লিখন আৰু সাংখ্যিক জ্ঞানৰ দক্ষতা মূল্যায়ন কৰা হ'ব।

অসমৰ শিক্ষাখণ্ডত মানদণ্ড উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপত ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন কৰি ৮৭ তাতকৈ অধিক পোৱা সকলক এ প্লাছ গেড প্ৰদান কৰা হ’ব। ইয়াৰ লগতে ৭৮-৮৬ পোৱাসকলক এ, ৬১-৭৩ পোৱাসকলক বি, ৪৮-৬০ ৰ ভিতৰত পোৱাসকলক চি আৰু ৪৮ ৰ তলত পোৱাসকলক ডি গ্ৰেড প্ৰদান কৰা হ’ব আৰু কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ কাৰণে শিক্ষকসকলে বিশেষ পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। শিক্ষা তথা শিক্ষাদানৰ মানদণ্ড নিৰূপণৰ ৬০ দিনৰ পাছত সকলো বিদ্যালয়ত ফলাফল দিয়া হ’ব।

আজিৰপৰা আৰম্ভ হোৱা শিক্ষাৰ মানদণ্ড নিৰূপণ প্ৰক্ৰিয়াত প্ৰায় ৪৩২০ খন বিদ্যালয়ৰ মূল্যায়ন আৰম্ভ হয়। ৬ এপ্ৰিলত ৪১৬৫ খন বিদ্যালয় আৰু ৭ এপ্ৰিলত ৩৮৩৫ খন বিদ্যালয় অৰ্থাৎ সৰ্বমুঠ ১২,৩০০ খন বিদ্যালয়ত মুল্যায়ন প্ৰক্ৰিয়া সমাপ্ত হ’ব।

উল্লেখ্য যে বিগত ৯ বছৰ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটত এই গুণোৎসৱৰ কায্যসূচী গ্ৰহণ কৰি আহিছে। আৰু দেশৰ ভিতৰত গুণোৎসৱৰ আয়োজন কৰা দ্বিতীয়খন ৰাজ্য হৈছে অসম। এই গুণোৎসৱ কায্যৰ্সূচী গ্ৰহণৰ জৰিয়তে অসমৰ শিক্ষকসকলৰ দায়বদ্ধতা বৃদ্ধি হ’ব বুলি আশা প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷ লগতে এইবেলিৰ দৰে প্ৰতিবছৰে অসমৰ বিদ্যালয়সমূহত গুণোৎসৱৰ কাৰ্যসূচী গ্ৰহণ কৰিব লগতে হাইস্কুলসমূহতো নাক (NAAC)-ৰ নিয়মানুসৰি ১ ছেপ্তেম্বৰৰ পৰা মূল্যায়ন নিৰূপণ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷