গুৱাহাটীঃ আগন্তুক অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ সন্দৰ্ভত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল অনুষ্ঠিত কৰা হয়৷ অসম পৰ্যটন নিগমৰ ভৱনত অনুষ্ঠিত সংবাদ মেলত অধ্যক্ষ বৰুৱাই কয় যে ২২ জুনৰপৰা ২৫ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এইবাৰ অম্বুবাচী মেলাৰ আয়োজন কৰা হ’ব ২১ জুনত।
মহানগৰীৰ সোনাৰাম খেলপথাৰত বিয়লি ৪ বজাত উদ্ধোধন কৰিব ভাৰতৰ পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম৷ উদ্ধোধনী অনুষ্ঠানত সন্ধিয়ালৈ আয়োজন হ’ব সাংস্কৃতিক সন্ধিয়া৷ সাংস্কৃতিক অনুষ্ঠানত দেৱী বন্দনা পৰিৱেশন কৰিব বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰে৷ উল্লেখ্য যে, অসমৰ ধৰ্মীয় পৰ্যটনৰ ক্ষেত্ৰখন অধিক উৎসাহিত কৰাৰ বাবে আয়োজন কৰা এই অম্বুবাচী মেলাৰ বাবে ২২ জুনৰপৰা ২৫ জুনলৈকে বন্ধ থাকিব কামাখ্যাৰ মূল দুৱাৰ৷