গুৱাহাটঃ উত্তৰ পূৱৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰীত উগ্ৰপন্থীয়ে ভয়াবহ আক্ৰমণৰ পৰিকল্পনা কৰা বুলি প্ৰচাৰ হোৱাৰ পিছৰে পৰা মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অসমৰ ৰাজধানী গুৱাহাটী মহানগৰীত অসম আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুযায়ী উগ্ৰপন্থীয়ে আক্ৰমণ সংঘটিত কৰিব পাৰে৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ভয়াবহ কূটাঘাতৰ পৰিকল্পনা ৰচনা কৰিছে বাংলাদেশী সন্ত্ৰাসবাদী আৰু NSCN(IM)ৰ দুৰ্ধৰ্ষ কেডাৰে। এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ পিছতেই মহানগৰীৰ বিভিন্ন ঠাইত অৰ্ধসামৰিক বাহিনী, অসম আৰক্ষীয়ে পহৰা দি নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে উঠিপৰি লাগিছে৷