গুৱাহাটীঃ গুৱাহাটী মহানগৰ প্ৰশাসনে মহানগৰীৰ এটা অঞ্চলক গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ দীৰ্ঘদিন ধৰি নানান সমস্যাৰে জৰ্জৰিত অঞ্চলটোৰ লোকসকলে চৰকাৰক বিভিন্ন সময়ত তেওঁলোকৰ সমস্যা সমাধানৰ বাবে দাবী জনাই আহিছে যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷
অসম বিধান সভাৰ অধিবেশন চলি থকাৰ মাজতে ৰাজধানী দিছপুৰৰ পৰা কিছু নিলগত মহানগৰীৰ বৃহত্তৰ বিৰুবাৰী অঞ্চলৰ ৰাইজে হাতে হাতে প্লেকাৰ্ড লৈ স্থানীয় গোপীনাথ নগৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷