গুৱাহাটীঃ বৃহস্পতিবাৰে সমগ্ৰ দেশতে লোকতন্ত্ৰ ৰক্ষাৰ দাবীত ৰাজনীতিৰ শত্ৰু কংগ্ৰেছৰ বিৰুদ্ধে শাসকীয় বিজেপিয়ে অনশনত বহে৷ লোকতন্ত্ৰ ৰক্ষা কৰাৰ দাবীত সমগ্ৰ দেশৰ লগতে অসমতো কেন্দ্ৰ-ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে অনশনত বহে৷
বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে ৰাজ্যজুৰি বিজেপিয়ে বিৰোধীয়ে সদন চলিব নিদিয়াৰ অভিযোগ উত্থাপন কৰি এই অনশনৰ কাৰ্যসূচী পালন কৰে শাসকীয়ে দলটোৱে৷ উজনি-নামনি-বৰাক উপত্যকাৰ লগতে গুৱাহাটী মহানগৰীতো বিজেপিয়ে অনশন কাৰ্যসূচী পালন কৰে৷