গুৱাহাটীঃ দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আইচিছৰ ভয়ংকৰ আক্ৰমণৰ পাছতে দেশৰ চোৰাংচোৱা তথ্য ভিত্তিত আইচিছৰ পৰৱৰ্তী লক্ষ্য দেশৰ বিভিন্ন ঠাই লগতে অসমৰ ৰাজধানীৰ দিছ্পুৰ হ’ব পাৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ৰাজ্য পুলিচ প্ৰশাসনলৈ সতৰ্কতা জাৰি কৰি কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰণালয় সতৰ্কতা পাছতে ৰাজ্যৰ পুলিচ বিভাগে আইচিছৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ বুলি উল্লেখ কৰে৷
মহানগৰ আৰক্ষীৰ আয়ুক্তই সংবাদ মাধ্যমৰ আগত সদম্ভে উল্লেখ কৰিছিল মহানগৰবাসীক আইচিছৰ আক্ৰমণৰপৰা নিৰাপত্তা দিবলৈ মহানগৰীৰ হাইএলাৰ্ট স্থান সমূহত পুৰ্বতকৈ বৃদ্ধি কৰাৰ হৈছে নিৰাপত্তা ব্যৱস্থা। মহানগৰীক যিকোনো আক্ৰমণৰপৰা ৰক্ষা কৰিবলৈ বিকল হৈ থকা চিচিটিভি সমূহ পুনৰ সক্ৰিয় কৰাৰ লগতে সন্দেহজনক ব্যক্তি সৰু বাহনৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে। কিন্তু অতি পৰিত্ৰাপৰ কথা যে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ সতৰ্কবাণীৰ পাছতো অসম আৰক্ষীৰ চকুত ধূলি দি বুধবাৰে সন্ধিয়া গুৱাহাটী মহানগৰীৰ সদা ব্যস্ত অসম ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ জু-ৰোডৰ ‘গুৱাহাটীৰ চেণ্ট্ৰেলৰ’ সন্মুখত সংঘটিত এক ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণ।