Home দেশভাৰতীয় জোৱানৰ আন এক সফলতা…. জইছ-ই-মহম্মদ সংগঠনৰ শীৰ্ষক কমাণ্ডাৰ খালিদ ভাইক গুলীয়াই নিধন

ভাৰতীয় জোৱানৰ আন এক সফলতা…. জইছ-ই-মহম্মদ সংগঠনৰ শীৰ্ষক কমাণ্ডাৰ খালিদ ভাইক গুলীয়াই নিধন

by News Desk
112 views
A+A-
Reset

শ্ৰীনগৰঃ জম্মু আৰু কাশ্মীৰৰ পুলৱামাত বৃহস্পতিবাৰে হোৱা এনকাউণ্টাৰত নিৰাপত্তাৰক্ষীয়ে জইছ-ই-মহম্মদ সংগঠনৰ শীৰ্ষক সন্ত্ৰাসবাদী কমাণ্ডাৰ খালিদ ভাইৰ লগত তিনিজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে৷ পাকিস্তানৰ খালিদৰ লগতে পুলৱামাৰ নচিৰ পণ্ডিত আৰু বেটিয়াপ’ৰা শোপিয়াৰ উমৰ মীৰ এই সংঘৰ্ষত নিহত হোৱা বুলি জানিব পৰা গৈছে৷ লগতে এই সংঘৰ্ষত এজন জোৱান ছহিদ হয়৷

আজি পুৱাই পুলৱামাস্থিত দলিপ’ৰা এলেকাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ সংঘটিত হয়৷ য’ত স্থানীয় এজন নাগৰিকে নিজৰ প্ৰাণ হেৰুৱায়৷ সংঘৰ্ষৰ আৰম্ভণিতে নিৰাপত্তাৰক্ষীৰ তিনিজন সৈনিকৰ লগতে দুজন ককায়েক-ভায়েক মহম্মদ য়ুনিছ ডাৰ আৰু ৰইছ অহমদ ডাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ কিন্তু সৈনিকৰ জ্যেষ্ঠ বিষয়াই জনোৱা মতে ৰইছ অহমদ ছহিদ হয় আৰু বাকী আঘাতপ্ৰাপ্ত জোৱান কেইজনক সমীপৰ হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0