গুৱাহাটীঃ লক্ষ্য যদি নিৰ্দিষ্ট হয় আৰু উদ্দেশ্য মহৎ হয়, তেন্তে দৰিদ্ৰতাৰ কেতিয়াও হেঙাৰ হ’ব নোৱাৰে এগৰাকীৰ ব্যক্তিৰ সফলতা ক্ষেত্ৰত। এই বাক্যশাৰীকে পুনৰবাৰ সত্য প্ৰমাণ কৰি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্ট্ৰিংচনসহ তিনিটা বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰি উজ্জ্বলি উঠিল নুনমাটি জাতীয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰী চিমী বৈশ্য।
গুৱাহাটীৰ মহানগৰীৰ হেঙেৰাবাৰী হৰিপুৰ পথৰ বাসিন্দা শচীন বৈশ্য আৰু বেনুকা বৈশ্য কন্যা চিমি। মেধাৱী চিমীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়টা বিষয়তে লেটাৰ মাৰ্ক পোৱা উপৰিও সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু ঐচ্ছিক গণিতত মুঠ এশৰ ভিতৰত ১০০ নম্বৰ পায় ৰাজ্যৰ ভিতৰতে তিনিটা বিষয়ত সৰ্বাধিক নম্বৰে জিলিকি উঠিবলৈ সক্ষম হৈছে।