গুৱাহাটীঃ আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষৰ দহ’ত উজ্জ্বলি গুৱাহাটীৰ চাৰি মেধাৱী। ৰাজ্যৰ ভিতৰতে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলি উঠিছে গুৱাহাটীৰ মহানগৰীৰ গুৱাহাটী ক্লাবস্থিত চেণ্ট’ মেৰিজ হাইচেকেণ্ডেৰী স্কুল তিনিগৰাকীকৈ মেধাৱী।
মুঠ ৫৯৩ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখলেৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰতীক্ষা মেধিয়ে। একেদৰে মুঠ ৫৯১ নম্বৰ লাভ কৰি অসমৰ ভিতৰত তৃতীয় স্থান দখলেৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে তনুশ্ৰী ভূঞাই। ইয়াৰ উপৰিও মুঠ ৫৯০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত বিদ্যালয়খনৰপৰা চতুৰ্থস্থান দখল কৰিছে মেধাৱী সৃষ্টি শইকীয়াই।