গুৱাহাটীঃ “কষ্ট কৰিছিলোঁ আৰু এতিয়া তাৰ ফলাফল লাভ কৰিছোঁ। আশা কৰা ধৰণে ফলাফল লাভ কৰিছো ভাল লাগিছে এই ফলাফল লাভ কৰি।” এই মন্তব্য হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে পঞ্চমস্থান লাভ কৰি নুনমাটি অসম জাতীয় বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰী প্রিয়ংকা কলিতাৰ।
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্রিয়ংকাই লাভ কৰিছে মুঠ ৫৮৯ নম্বৰ। ফলাফল লাভ কৰাৰ পাছতে মেধাৱী প্ৰিয়ংকাই কয় যে দিনে ৭-৮ ঘণ্টাকৈ পঢ়িছিলে আৰু এই ক্ষেত্ৰত মা-দেউতা আৰু শিক্ষাগুৰু সকলে বহুত কষ্ট কৰিছিল। তেওঁলোকৰ অবিহনে আজি হয়তো এই ফলাফল লাভ নকৰিলহেঁতেন। লগতে ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত তেওঁ কয় যে অনাগত দিনত বিজ্ঞান শাখাত নগাঁও ৰামানুজন জুনিয়ৰ কলেজত অধ্যয়ন কৰি ভৱিষ্যতে এগৰাকী ইঞ্জিনীয়াৰ হোৱাৰ মন আছে। তাৰ লগতে তাৎপয্যপূৰ্ণভাৱে ছাত্ৰীগৰাকীয়ে কয় “নিজকে এগৰাকীৰ সমাজৰ লাগতিয়াল হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিম।