গুৱাহাটীঃ আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষৰ দহ'ত উজ্জ্বলি গুৱাহাটীৰ চাৰি মেধাৱী। ৰাজ্যৰ ভিতৰতে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলি উঠিছে গুৱাহাটীৰ মহানগৰীৰ গুৱাহাটী ক্লাবস্থিত চেণ্ট' মেৰিজ হাইচেকেণ্ডেৰী স্কুল তিনিগৰাকীকৈ মেধাৱী। 

মুঠ ৫৯৩ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখলেৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰতীক্ষা মেধিয়ে। একেদৰে মুঠ ৫৯১ নম্বৰ লাভ কৰি অসমৰ ভিতৰত তৃতীয় স্থান দখলেৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে তনুশ্ৰী ভূঞাই। ইয়াৰ উপৰিও মুঠ ৫৯০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত বিদ্যালয়খনৰপৰা চতুৰ্থস্থান দখল কৰিছে মেধাৱী সৃষ্টি শইকীয়াই।

গুৱাহাটীৰ মহানগৰীৰে অন্য এখন ব্যক্তিগত খণ্ডৰ আগশাৰীৰ বিদ্যালয় অসম জাতীয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰী প্রিয়ংকা কলিতাই মুঠ ৫৮৯ নম্বৰ লাভ কৰি অসমৰ ভিতৰত পঞ্চম স্থান লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

লগতে গুৱাহাটীৰ মহানগৰীৰ কোনো এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষ দহটা স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।

অসমৰ ভিতৰত তৃতীয়স্থান দখল কৰা গুৱাহাটীৰ চেণ্ট মেৰিজ হাইচেকেণ্ডেৰী স্কুলৰ ছাত্ৰী তনুশ্ৰী ভূঞাই ফলাফল লাভ কৰি কয় যে "এইয়া কষ্টৰ ফল। শীর্ষদহৰ ভিতৰত থাকিম বুলি ভাবিছিলোঁ কিন্তু তৃতীয়স্থান পাম বুলি ভবা নাছিলো।" লগতে তেওঁ কয় যে পঢ়া মোৰ কোনো নিৰ্দিষ্ট সময় নাছিল যেতিয়াই মন গৈছিল তেতিয়াই পঢ়িছোঁ। বাচনীৰ পৰীক্ষাৰ পাছত অলপ বেছি সময় পঢ়িছিলোঁ। আগন্তুক দিনত কটন বিশ্ববিদ্যালয়ত বিজ্ঞানশাখাত অধ্যয়ন কৰাৰ কথাও ব্যক্ত কৰিলে মেধাৱী ছাত্ৰীগৰাকীয়ে। 

কিতাপ পঢ়ি ভাল পোৱা তনুশ্ৰীয়ে বিহু নাচি আৰু গান গায় ভাল পোৱা বুলি জানিব দিয়ে সংবাদ মাধ্যমৰ আগত। এই ফলাফলৰ আঁৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু পিতৃ-মাতৃৰ বহুত কষ্টৰ জড়িত হৈ আছে বুলি উল্লেখ কৰে ছাত্ৰী গৰাকীয়ে।