গুৱাহাটীঃ সমগ্ৰ বিশ্বৰ লগতে আজি অসমতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱসৰ বিভিন্ন কাৰ্যসূচী। গুৱাহাটীৰ মহানগৰীতো অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ ৰাজ্যিক বাল ভৱনৰ উদ্যোগতবিশ্ব পৰিৱেশ দিৱস বিভিন্ন কাৰ্যসূচী উদযাপন কৰে।
পৰিৱেশ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতাৰ সংকল্পৰে উদযাপিত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ বিভিন্ন স্থানত যুৱ মূকাভিনেতা মিনাংক ডেকাৰ নেতৃত্বত ১৮ জনীয়া এটা মূকাভিনয় দলে মহানগৰীৰ বহুকেইটা স্থানত বাটৰ নাটৰ শৈলীত “অ মোৰ ধৰিত্ৰী আই” শীৰ্ষক মুকাভিনয় পৰিৱেশন কৰে।