গুৱাহাটীঃ বিতৰ্কৰ মাজতে নমামী ব্ৰহ্মপুত্ৰ মহোৎসৱৰ প্ৰস্তুতি এতিয়া তুংগত। মহোৎসৱ উপলক্ষে মহানগৰীখন আটক-ধুনীয়াকৈ সজাবলৈ ইতিমধ্যে জিলা প্ৰশাসনৰ এক বিশেষ প্ৰস্তুতি আৰম্ভ হৈছে।

দেশী-বিদেশী পৰ্যটকেৰে ব্ৰহ্মপুত্ৰৰ বাকৰি ভৰি পৰিব হেতুকে ৰাস্তা-ঘাট মেৰামতিৰ প্ৰক্ৰিয়া সূচল কৰাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। সেয়ে ২৭ মাৰ্চৰ আগেয়ে সকলো হৰ্ডিং আঁতৰোৱাৰ কঢ়া নিৰ্দেশ দিছে জিলা প্ৰশাসনৰ।

বিমান বন্দৰৰ পৰা গুৱাহাটীৰ মাজ-মজিয়ালৈ আঁতৰাব লাগিব সকলো হৰ্ডিং। আনকি কিছু দিনলৈ খোৱা-পানী যোগানৰ বাবে চলি থকা নিৰ্মাণকাৰ্যও স্থগিত ৰখাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ। ⁠ ⁠⁠⁠