গুৱাহাটীঃ মহানগৰীৰ যান-বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে সঘনে গ্ৰহণ কৰা পথ সুৰক্ষা আৰু বিভিন্ন সজাগতামূলক আঁচনিয়ে ৰোধ কৰিব পৰা নাই দুৰ্ঘটনা। ক্ৰমাগতভাবে বৃদ্ধি পাই আহিছে দুৰ্ঘটনাৰ সংখ্যা। 

সুপৰিকল্পিত যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা আৰু বাট-পথ আৰু পাৰ্কিঙৰ প্ৰণালীবদ্ধ কোনো বিশেষ পদক্ষেপ নাই মহানগৰ আৰক্ষীৰ। ইয়াৰ ফল ভুগিছে সাধাৰণ ৰাইজে। দুৰ্ঘটনাৰ ফলত কিমান লোক পংগু হৈছে, কিমানে জীৱন হেৰুৱাইছে তাৰ লেখ-জোখ নাই। পিছে গা লৰা নাই মহানগৰ আৰক্ষীৰ। বিভাগটোৰ সজাগতা সভা আৰু কাৰ্যতঃ গ্ৰহণ কৰা ব্যৱস্থাৰ মাজত যেন আছে আকাশ-পাতাল পাৰ্থক্য। 

উল্লেখ্য যে লংকেশ্বৰৰ পৰা নাৰেংগীলৈ যোৱা ৰাজপথছোৱাত ৬ নং বাছ সমুহৰ লগতে ট্ৰেকাৰৰ সঘন চলাচল পৰিলক্ষিত হয়। ইয়াৰোপৰি মণিৰাম দেৱান পথতে আছে বহুকেইখন চৰকাৰী-বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান আৰু কাৰ্যালয়, উদ্যোগ আদি। উক্ত ব্যস্ত পথছোৱাৰ চানমাৰি উৰণীয়া সেতুৰ তলৰ অংশৰপৰা কমেও ৫০ মিটাৰ দুৰত্বলৈ নাই ডিভাইডাৰ। বিপদ সংকুল উন্মুক্ত এই স্থানতে আছে বাছ ষ্টপেজৰ লগতে অটো ষ্টেণ্ড।

চানমাৰিস্থিত যান-বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে উক্ত উন্মুক্ত অংশত মোতায়েন কৰা নাই কোনো আৰক্ষী, নাই কোনো শৃখলাৰ ব্যৱস্থা। এই অভিযোগ সচেততন মহলৰ। যাৰ বাবে উক্ত খালী স্থানত সঘনাই সংঘটিত হৈছে দুৰ্ঘটনা।

মাহেকে-বছৰেকে পথ সুৰক্ষা আৰু দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সজাগতা সভা পতা বিভাগটোৱে চানমাৰিৰ ক্ষেত্ৰত উপৰচকুৱা হৈয়ে থাকিব নে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতহে বিভাগটোৰ গা লৰিব, সেয়া সময়তহে জনা যাব।