গুৱাহাটীঃ মহানগৰীৰ যান-বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে সঘনে গ্ৰহণ কৰা পথ সুৰক্ষা আৰু বিভিন্ন সজাগতামূলক আঁচনিয়ে ৰোধ কৰিব পৰা নাই দুৰ্ঘটনা। ক্ৰমাগতভাবে বৃদ্ধি পাই আহিছে দুৰ্ঘটনাৰ সংখ্যা।
সুপৰিকল্পিত যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা আৰু বাট-পথ আৰু পাৰ্কিঙৰ প্ৰণালীবদ্ধ কোনো বিশেষ পদক্ষেপ নাই মহানগৰ আৰক্ষীৰ। ইয়াৰ ফল ভুগিছে সাধাৰণ ৰাইজে। দুৰ্ঘটনাৰ ফলত কিমান লোক পংগু হৈছে, কিমানে জীৱন হেৰুৱাইছে তাৰ লেখ-জোখ নাই। পিছে গা লৰা নাই মহানগৰ আৰক্ষীৰ। বিভাগটোৰ সজাগতা সভা আৰু কাৰ্যতঃ গ্ৰহণ কৰা ব্যৱস্থাৰ মাজত যেন আছে আকাশ-পাতাল পাৰ্থক্য।