গুৱাহাটীঃ সমগ্ৰ মহানগৰীৰ আভিজাত্যৰ ভেম তছনছ কৰি অখ্যাত গাঁও, মফচলীয়া চহৰৰ মেধাই জিলিকি উঠিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত। ব্যক্তিগত বিদ্যালয়েৰে ভৰি থকা মহানগৰীৰ এগৰাকী শিক্ষাৰ্থীয়েও আজি ঘোষিত ফলাফলত স্থান লাভ নকৰাত সমগ্ৰ মহানগৰীতে বিৰাজ কৰিছে এক হতাশাজনক পৰিৱেশ। 

কেৱল মহানগৰীতে নহয় সমগ্ৰ কামৰূপ জিলাৰ কোনো এখন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এইবাৰ স্থান লাভ কৰিবলৈ সমক্ষ নহ’ল। এই লৈ বিদ্যালয় কৰ্তৃপক্ষ, অভিভাৱক, শিক্ষাৰ্থী তথা সচেতন মহলৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে। শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছু দিন পূৰ্বে গ্ৰেচ নম্বৰ সন্দৰ্ভত দিয়া মন্তব্যলৈ চাই বহুতে এয়া তেওঁৰ নিৰ্দেশতে হৈছে বুলিও মন্তব্য কৰিছে।

এই ক্ষেত্ৰত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে অভিভাৱকসকলে। তেওঁলোকে মন্তব্য কৰে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিক্ষা খণ্ডত উন্নতি দেখুৱাবৰ বাবে পৰিকল্পিতভাৱে শিক্ষা বিভাগে চহৰতকৈ গ্ৰাম্যাঞ্চলক স্থান দিছে। আনকি ছেন্ট মেৰিজ, অসম জাতীয় বিদ্যালয়ৰ দৰে মেধাৱী শিক্ষাৰ্থীৰে ভৰি থকা বিদ্যালয়কেইখনৰ এগৰাকী শিক্ষাৰ্থীয়েও স্থান লাভ নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে সচেতন মহলে। 

আন একাংশই আকৌ ঘৰুৱা টিউচনৰ লগতে অত্যাধিক সা-সুবিধা থকাৰ পিছতো মহানগৰীৰ এজনো শিক্ষাৰ্থীয়ে স্থান লাভ নকৰাটোৱে ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহৰ ফোপোলা স্বৰূপ উদঙাই দিছে বুলি মন্তব্য কৰি কয় যে সমগ্ৰ মহানগৰীতে আচলতে শিক্ষাৰ নামত ধন ব্যৱসায়হে চলিছে।

উল্লেখ্য যে, বৰ্তমান ব্যক্তিগত বিদ্যালয়েৰে ভৰি পৰিছে মহানগৰীৰ অলি-গলি। কিন্তু এই বিদ্যালয়সমূহৰ ভিতৰত চৰাত প্ৰকৃততে কি চলে সেয়া অনুসন্ধানৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলিও মন্তব্য কৰিছে বহুতে। সি যি নহওক, উচ্চতৰ মাধ্যমিকৰ পিছত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাতো মহানগৰীক পিছ পেলাই আগবাঢ়ে বোকা-পানীৰ গাঁও।