newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতত সন্ত্ৰাসবাদ মেলি দি তেজৰ নৈ বোৱাবলৈ চিন্তাত ব্যস্ত থকা মুম্বাই কাণ্ডৰ মাষ্টাৰ মাইণ্ড হাফিজ ছঈদে বুধবাৰে পুৱাই ভোটদান কৰে। লাহোৰৰ এটা ভোটকেন্দ্ৰত পুৱাই সমৰ্থকক লগত লৈ ভোটদান কৰে লষ্কৰ-ই-তৈবাৰ মুৰব্বীগৰাকীয়ে।পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান বুধবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে।
২০০৮ চনৰ নৱেম্বৰ মাহত মুম্বাইত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি ১৬৪ গৰাকী নিৰপৰাধী লোকক হত্যা কৰিছিল৷ এই কাণ্ডৰ সৈতে জৰিত আছিল লস্কৰ-ই-তৈবা৷ সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ আক্ৰমণ কৰা ঘটনাৰ মাষ্টাৰ মাইণ্ড হাফিজ ছঈদ আজিও পাকিস্তানত মুকলিকৈ ঘুৰা-ফুৰা কৰি আহিছে৷ ইমানে নহয় এইবেলি পাকিস্তানত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত হাফিজৰ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে৷