কোকৰাঝাৰঃ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটিং ৰেফাৰী তথা কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ অক্লান্ত প্ৰচেষ্টাত আৰু অসম ৰাইফল আৰু শ্বুটিং সন্থাৰ সহযোগত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ নিকটতে নৱনিৰ্মিত ইনড’ৰ শ্বুটিং ৰেঞ্জ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
আনুষ্ঠানিকভাৱে কোকৰাঝাৰত শ্বুটিং ৰেঞ্জ মুকলি কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা আৰক্ষী অধীক্ষক ৰাজেন সিঙ আৰু এডিজিপি (বিশেষ শাখা) তথা অসম ৰাইফল আৰু শ্বুটিং সন্থাৰ সভাপতি পল্লৱ ভট্টাচাৰ্যৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। নিজৰ ভাষণ প্ৰসংগত হাাগ্ৰামা মহিলাৰীয়ে অসমত প্ৰতিভাৰ অভাৱ নাই বুলি মন্তব্য কৰি কোকৰাঝাৰৰ শ্বুটিং ৰেঞ্জৰ পৰাই ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ।