কোকৰাঝাৰঃ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটিং ৰেফাৰী তথা কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ অক্লান্ত প্ৰচেষ্টাত আৰু অসম ৰাইফল আৰু শ্বুটিং সন্থাৰ সহযোগত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ নিকটতে নৱনিৰ্মিত ইনড'ৰ শ্বুটিং ৰেঞ্জ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

♦ কোকৰাঝাৰত ইনড'ৰ শ্বুটিং ৰেঞ্জ মুকলি 
♦ প্ৰতিভাৱান খেলুৱৈসকল উপকৃত হ'বঃ হাগ্ৰামা 
♦ শ্বুটিং ৰেঞ্জত হাগ্ৰামাৰ অনুশীলন 

আনুষ্ঠানিকভাৱে কোকৰাঝাৰত শ্বুটিং ৰেঞ্জ মুকলি কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা আৰক্ষী অধীক্ষক ৰাজেন সিঙ আৰু এডিজিপি (বিশেষ শাখা) তথা অসম ৰাইফল আৰু শ্বুটিং সন্থাৰ সভাপতি পল্লৱ ভট্টাচাৰ্যৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। নিজৰ ভাষণ প্ৰসংগত হাাগ্ৰামা মহিলাৰীয়ে অসমত প্ৰতিভাৰ অভাৱ নাই বুলি মন্তব্য কৰি কোকৰাঝাৰৰ শ্বুটিং ৰেঞ্জৰ পৰাই ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে ।

আনহাতে উক্ত সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে নিজ ভাষণত বিটিএডি তথা কোকৰাঝাৰত বন্দুক চালনা কৰা লোকৰ সংখ্যা কম নহয় আৰু তেওঁলোকৰ লক্ষ্যভ্ৰষ্ট গুলীয়ে মানৱ জাতিক আঘাত কৰে বুলি মন্তব্য কৰি কাৰোবাৰ বন্দুক চালনাৰ মন থাকিলে শ্বুটিং ৰেঞ্জত আহি প্ৰশিক্ষণ লৈ বন্দুক চলাই সঠিক লক্ষ্যত আঘাত কৰি মেডেল আজুৰি আনি দেশ তথা ৰাজ্যলৈ গৌৰব কঢ়িয়াই আনিবলৈ আহ্বান জনাায়।

আজিৰ সভাতে জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে কোকৰাঝাৰত বিশ্বমানৰ ৩০০ মিটাৰ ফ্ৰি শ্বুটিং ৰেঞ্জ স্থাপনৰ পৰিকল্পনা হাতত লোৱা হৈছে বুলি সদৰী কৰি এইক্ষেত্ৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সহযোগিতা কামনা কৰে। অহা দুই বছৰৰ ভিতৰতে কোকৰাঝাৰ শ্বুটিং ৰেঞ্জৰ পৰাই বিশ্বমানৰ খেলুৱৈ গঢ়ি তোলা হ'ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰক্ষী অধীক্ষক তথা আন্ত:ৰাষ্ট্ৰীয় শ্বুটিং ৰেফাৰী ৰাজেন সিঙে।

আজিৰ সভাত এডিজিপি পল্লৱ ভট্টাচাৰ্য, কোকৰাঝাৰ জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী, বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালকে ধৰি নিৰাপত্তাবাহিনীৰ কেবাগৰাকী উচ্চপদস্থ বিষয়াৰ লগতে ৰাইফল আৰু শ্বুটিং সন্থাৰ ৰাজ্যিক আৰু জিলা বিষয়ববীয়াসকল উপস্থিত আছিল। উল্লেখ্য যে শ্বুটিং ৰেঞ্জ আজি আনুষ্ঠানিকভাৱে মুকলি কৰি হাগ্ৰামা মহিলাৰীয়ে ১০ মিটাৰ শ্বুটিং ৰেঞ্জত এয়াৰগান লৈ অনুশীলন কৰে।