Home ৰাজ্যহাইলাকান্দি ঘটনাৰ পিচত তৎপৰ প্ৰশাসন….. খাৰুপেটীয়াত শান্তি কমিটি গঠন

হাইলাকান্দি ঘটনাৰ পিচত তৎপৰ প্ৰশাসন….. খাৰুপেটীয়াত শান্তি কমিটি গঠন

by News Desk
51 views
A+A-
Reset

হাইলাকান্দিঃ হাইলাকান্দিত শুকুৰবাৰে সংঘটিত হৈ যোৱা অনাকাংক্ষিত ঘটনাৰ পিছত তৎপৰ হৈ পৰিছে অসম প্ৰশাসন৷ এই ঘটনাৰ আলম লৈ যাতে ৰাজ্যখনৰ অন্য কোনো ঠাইত কোনো অপ্ৰীতিকৰ বা সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে দৰং জিলা আৰক্ষীৰ নিৰ্দেশত খাৰুপেটীয়া আৰক্ষী বিষয়া বিৰাজ মোহন ডেকা উদ্যোগত আৰু থানা পৰিচালনা সমিতিৰ সহযোগত বৃহত্তৰ খাৰুপেটীয়া অঞ্চলৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি সম্পাদক, মহিলা সমিতিৰ বিষয় ববীয়া, বিশিষ্ট ব্যৱসায়ী, আমছু, ইত্তেহাদ ফ্ৰন্ট, কৃষক মুক্তি, মুছা, সংখ্যালঘু জাতীয় পৰিষদ, আদি সংগঠনৰ সভাপতি সম্পাদক, জ্যেষ্ঠ নাগৰিক, সাংবাদিক আদি শতাধিক লোকৰ উপস্থিতিত এখনি শান্তি সভা অনুষ্ঠিত হয়৷  

খাৰুপেটীয়া আৰক্ষী থানাৰ পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল আলীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত খাৰুপেটীয়া পৌৰসভাৰ প্ৰাক্তন সভাপতি অখিল চন্দ্ৰ সাহাক সভাপতি, বিক্ৰমাদিত্য জৈন আৰু সাংবাদিক ইমদাদুল ইছলামদ্বয়ক উপ সভাপতি খাৰুপেটীয়া থানাৰ আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাক সম্পাদক আৰু খাৰুপেটীয়া আৰক্ষী থানা পৰিচালনা সমিতিৰ সম্পাদক ৰফিকুল ইছলামক সহ সম্পাদক হিচাপে লৈ এখনি শান্তি সমিতি গঠন কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0